প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে লোকপিয়লক সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব বুলি অভিহিত কৰিছে। শ্রী মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত এই কথা প্রকাশ কৰে।
তেওঁ কয়, যে নিজেই লোকপিয়লৰ সবিশেষ পঞ্জীয়ন কৰাৰ ব্যৱস্থা সুবিধাজনক আৰু জনসাধাৰণে ম’বাইলৰ সহায়ত অতি সহজে নিজৰ আৰু পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিব পাৰে। হিন্দীৰ লগতে ১৬ টা ভাৰতীয় ভাষাত এই সুবিধা উপলব্ধ বুলি শ্রী মোদীয়ে মন্তব্য কৰে।
প্ৰধানমন্ত্ৰীয়ে লোকপিয়লৰ অনলাইন পোর্টেল se.census.gov.in ৰ জৰিয়তে নিজৰ ম’বাইল নম্বৰ আৰু পৰিয়ালৰ সবিশেষ সন্নিবিষ্ট কৰিবলৈ আহ্বান জনাইছে। এই সমগ্র প্রক্রিয়াটো সম্পূর্ণ কৰিবলৈ প্ৰায় ১৫-২০ মিনিটৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে।