প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কেটচ-দ্যা ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান ৪ জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। শ্রীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোতে জনসাধাৰণৰ ব্যাপক অংশগ্রহণকলৈ সন্তুষ্টি প্রকাশ কৰে।
তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰুদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিদ্ধি জিলাত ১৫০০টা পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে নাৰ্ছিংপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে।
একেদৰে অন্ধ্রপ্রদেশৰ নন্দ্যালত সকলো গাঁওপঞ্চায়তে এই অভিযানত অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে।