July 26, 2026 7:15 PM

views 10

কেটচ-দ্যা ৰেইন অভিযানে বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা বুলি প্রধানমন্ত্রীৰ উল্লেখ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কেটচ-দ্যা ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান ৪ জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। শ্রীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোতে জনসাধাৰণৰ ব্যাপক অংশগ্রহণকলৈ সন্তুষ্টি প্রকাশ কৰে। তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আতৰোৱাৰ লগতে বিভিন্ন ঠ...