September 27, 2026 6:56 PM | Mann Ki Baat | Pygmy hog

printer

অসমত দুষ্প্রাপ্য নল গাহৰি সংৰক্ষণৰ বাবে গ্রহণ কৰা প্ৰচেষ্টাৰ বিষয়ে প্রধানমন্ত্রীৰ মন কী বাতত উল্লেখ

পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্রকাশ কৰি আকাশবাণীৰ মন কি বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছ-লতা বা জীৱকুলৰ ৰক্ষাই নহয়, বৰং এনে প্রচেষ্টাই সমগ্ৰ পৰিস্থিতি তন্ত্রটো সুদৃঢ় কৰি তোলে।

দেশৰ বিভিন্ন অংশত অব্যাহত এনে ধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্রী মোদীয়ে কয়, যে মানুহৰ দখলৰ বাবে এসময়ত হাতীৰ মুক্ত বিচৰণথলিৰূপে পৰিচিত অসমৰ সোণাই-ৰূপাই নামৰ বন্যপ্রাণী অভয়াৰণ্যৰ পৰা হাতী আন ঠাইলৈ আঁতৰি যাবলগীয়া হৈছিল। তিনি বছৰ পূৰ্বে মানুহৰ দখলৰ পৰা মুক্ত কৰাৰ পাছত অভয়াৰণ্যখনত অপূতপূর্ব পৰিৱৰ্তন হৈছে আৰু অভয়াৰণ্যখনলৈ হাতী পুনৰ উভতি আহিছে বুলি তেওঁ উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে  অসমত নলগাহৰি সংৰক্ষণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে এসময়ত বিলুপ্তপ্রায় মাত্র ছটা নলগাহৰিকলৈ সংৰক্ষণৰ অভিযান চলোৱা হৈছিল আৰু নতুন তৃণভূমি প্রস্তুত কৰি অৰণ্যত এৰি দিয়া হৈছিল। এই অভিযানৰ বাবেই নলগাহৰিৰ সংখ্য ১৯০ লৈ বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।