প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে ৰাষ্ট্ৰই অহা ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশিলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনির্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহ্বান জনাই।
শ্রীমোদীয়ে অহা ১৫ আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সর্বোচ্চ ত্যাগ কৰা সহস্ৰ বীৰক স্মৰণ কৰা হয়।
তেওঁ কয় যে বিগত বছৰ সমূহত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্র দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক ১৫ আগষ্টৰ পূৰ্বে মাই গভট তেওঁলোকৰ ন-ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনায়।