August 2, 2026 10:46 AM

views 19

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত অহা ৭ আগষ্টৰ পৰা দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন

কেন্দ্রীয় বস্ত্র মন্ত্রালয়ে অহা ৭ আগষ্টৰ পৰা নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিং তথা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও কাৰ্যসূচীত উপস্থিত থাকিব।  বস্ত্র মন্ত্রালয়ে কৈছে যে এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ চহকী হস্ততাঁত ঐতিহ্যক উদযাপন কৰা আৰু দেশৰ সাংস্কৃতিক তথা অর্থনৈতিক...

July 26, 2026 7:29 PM

views 30

দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশিলতাক উৎসাহিত কৰাৰ বাবে  ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে ৰাষ্ট্ৰই অহা ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশিলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনির্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহ্বান জনাই। শ্রীমোদীয়ে অহা ১৫ আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সর্বোচ্চ ত্যাগ কৰা সহস্ৰ বী...

August 7, 2025 9:14 PM

views 59

দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন অংশত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন অংশত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। ব্ৰিটিছ শাসনক প্রতিহত কৰাৰ অংশ হিচাপে ১৯০৫ চনৰ ৭ আগষ্টত আৰম্ভ কৰা ঐতিহাসিক স্বদেশী আন্দোলনৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। এই আন্দোলনে থলুৱা উদ্যোগ, বিশেষকৈ হস্ততাঁতশিল্পৰ প্ৰসাৰ ঘটাইছিল। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে আজি নতুন দিল্লীত সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা ২০২৫ প্ৰদান কৰে। সন্ত কবিৰ বঁটাত ৩ লাখ ৫০ হাজাৰ টকা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত ২ লাখ টক...

August 7, 2025 7:27 PM

views 81

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই খণ্ডৰ সৈতে জড়িত লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে। হস্ততাঁত খণ্ডৰ জৰিয়তে নাগৰিকৰ সৃষ্টিশীলতা প্রকাশ পাই বুলি তেওঁ কয়। নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিঙে হস্ততাঁত খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিপিনীসকলক সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে। দেশৰ প্ৰায় ৬৫০গৰাকী শিপিনী, বিদেশী ক্রেতা, বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে এই সমাৰ...

August 7, 2025 12:53 PM

views 69

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন

হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হৈছে। হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰাজ্যবাসীক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। হস্ততাঁত খণ্ডত উল্লেখযোগ্য অৱদান আগবঢে়াৱা শিপিনীসকলক আজি সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰা হ’ব। সন্ত কবিৰ বঁটাত ৩ লাখ ৫০ হাজাৰ টকা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত ২ লাখ টকা প্ৰদান কৰা হ’ব। নতুন দিল...

August 7, 2024 6:30 PM

views 60

সমগ্ৰ দেশতে আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

সমগ্ৰ দেশতে আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি আয়োজিত এটা অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অংশগ্ৰহণ কৰে। অসমতো হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম সঞ্চালকালয়ৰ উদ্যোগত আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয় ৷ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এই দিৱসত ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু জয়ন্ত মল্লবৰুৱাৰ লগতে পদ্মশ্ৰী তথা অসম গৌৰৱ বঁটা প্ৰাপক বয়ন শিল্পী হেমপ্রভা চুতীয়াকে ধৰি বহুকেইগৰাকী ...

August 7, 2024 12:34 PM

views 61

নতুন দিল্লীত আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

নতুন দিল্লীত আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ'ব। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে হস্ততাঁত খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে শিল্পীসকলক সন্ত কবীৰ বটাঁ আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে 'পৰম্পৰা-ভাৰতীয় হস্ততাঁত পৰম্পৰাৰ বহনক্ষমতা' শীর্ষক এখন গ্রন্থও উন্মোচন কৰিব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু উদ্যোগ জগতৰ প্ৰতিনিধি, ডিজাইনাৰছ, ৰপ্তানীৰ সৈতে জৰিত লোকসকলৰ লগতে দেশৰ সহস্ৰাধিক বয়ন শিল্পীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাঁতশিল্প খণ্ডৰ গুৰুত্ব আৰু দেশৰ আৰ্থ সামাজি...