August 2, 2026 10:46 AM | National Handloom day

printer

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত অহা ৭ আগষ্টৰ পৰা দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন

কেন্দ্রীয় বস্ত্র মন্ত্রালয়ে অহা ৭ আগষ্টৰ পৰা নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিং তথা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও কাৰ্যসূচীত উপস্থিত থাকিব। 

বস্ত্র মন্ত্রালয়ে কৈছে যে এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ চহকী হস্ততাঁত ঐতিহ্যক উদযাপন কৰা আৰু দেশৰ সাংস্কৃতিক তথা অর্থনৈতিক উন্নয়নত হস্ততাঁত আৰু বয়ন শিল্পৰ সৈতে জড়িত লোকসকলৰ অৱদানক স্বীকৃতি দিয়া।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই উদযাপনৰ সৈতে সংগতি ৰাখি ২০২৫ বৰ্ষৰ বাবে সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰা হ’ব। হস্ততাঁত বয়ন শিল্পীক তেওঁলোকৰ কাৰুকাৰ্য, উদ্ভাৱন আৰু ভাৰতৰ হস্ততাঁত পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তিনি গৰাকীক ‘সন্ত কবীৰ হস্ততাঁত বঁটা’ আৰু ১৯ গৰাকী ব্যক্তিক ‘ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা’ প্ৰদান কৰা হ’ব। এই উপলক্ষে দেশৰ চহকী আৰু বৈচিত্ৰময় হস্ততাঁত বয়ন পৰম্পৰাক সন্মান জনাই চাৰিটা স্মাৰক ডাকটিকটো উন্মোচন কৰা হ’ব। 

অনুষ্ঠানত ‘Earth. Root. Thread – Aal Dyed Handloom Textiles of Central India’ আৰু ‘Handloom Awards Book 2025′ শীর্ষক দুখন গ্রন্থও উন্মোচন কৰা হ’ব। ইয়াৰ সমান্তৰালভাৱে, বঁটা বিজয়ী হস্ততাঁত সামগ্ৰী সমূহৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, ১৯০৫ চনৰ ৭ আগষ্টত আৰম্ভ হোৱা স্বদেশী আন্দোলনৰ স্মৃতিত প্ৰতিবছৰে এই দিনটোত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় ৷