August 7, 2025 12:53 PM | National Handloom day

printer

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন

হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হৈছে। হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰাজ্যবাসীক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

হস্ততাঁত খণ্ডত উল্লেখযোগ্য অৱদান আগবঢে়াৱা শিপিনীসকলক আজি সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰা হ’ব। সন্ত কবিৰ বঁটাত ৩ লাখ ৫০ হাজাৰ টকা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত ২ লাখ টকা প্ৰদান কৰা হ’ব। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া একাদশ সংখ্যক হস্ততাঁত দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই বঁটাসমূহ প্ৰদান কৰিব। দেশৰ প্ৰায় ৬৫০ গৰাকী শিপিনী, বিদেশী ক্ৰেতা, বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে এই সমাৰোহত অংশগ্ৰহণ কৰিব। বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং, বস্ত্ৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বস্ত্ৰ মন্ত্ৰ্যালয়ৰ সচিব নীলম স্বামী ৰাও এই অনুষ্ঠানত উপস্থিত থাকিব।

       উল্লেখযোগ্য যে ১৯০৫ চনৰ ৭ আগষ্টত আৰম্ভ হোৱা স্বদেশী আন্দোলনে থলুৱা উদ্যোগ আৰু বিশেষকৈ তাঁতশিল্পক উৎসাহিত কৰিছিল। দেশৰ আৰ্থসামাজিক উন্নয়নত হস্ততাঁত বয়ন শিল্পৰ অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ২০১৫ চনৰ পৰা ৭ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক বয়ন শিল্পই গ্ৰামাঞ্চলৰ বহু লোকক আৰ্থিকভাৱে সবল কৰি তোলাত প্ৰত্যক্ষভাৱে সহায় কৰি আহিছে।