ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ

ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে ত্ৰিৰংগ পতাকা দেশবাসীৰ বাবে সন্মান, গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক। এই পতাকাই জনসাধাৰণক দেশৰ প্ৰতি দায়বদ্ধ হ’বলৈ উৎসাহিত কৰা বুলি তেঁও কয়।

গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে আজি চাইকেল সমদল উলিয়ায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদল জিলাখনৰ আয়ুক্ত প্রদীপ টিমুঙে মুকলি কৰে।

জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তয়ো সমদলত অংশ লয়। এই অভিযানৰ অংশ হিচাপে দেশপ্রেমমূলক বক্তৃতা প্রতিযোগিতা, মহিলাৰ ফুটবল খেল আদি অনুষ্ঠিত হ’ব। বাক্সা জিলাৰ সদৰ মুছলপুৰত কালি বিয়লি ত্রিবংগ পতাকা সমদল উলিওৱা হয়। এই সমদলত জিলা প্ৰশাসন, আৰক্ষী প্রশাসন, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন ৰাজনৈতিক দলৰ সদস্যই অংশগ্ৰহণ কৰে।

বিশ্বনাথ জিলাতো কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা ত্ৰিৰংগ যাত্ৰা কৰা হয়। জিলা আয়ুক্ত কৰবী শ‍ইকীয়া কৰণে এই যাত্ৰাৰ শুভাৰম্ভ কৰি সকলোকে এই অভিযানত অংশ ল’বলৈ আহ্বান জনায়। যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত কালি এই উপলক্ষে দুচকীয়া বাহন সমদল উলিওৱা হয়।

মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে। মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সমদলত জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলে অংশ লয়।

বন্দে মাতৰমৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি এখন বিশেষ প্রদর্শনী অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে মুকলি কৰা এই প্ৰদৰ্শনীত সকলোৱে সমবেতভাৱে বন্দে মাতৰম পৰিবেশন কৰে। প্ৰদৰ্শনী চাবৰ বাবে অহা লোকসকলৰ বাবে ছেল্কি পইণ্টো মুকলি কৰা হয়।

কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰতো কালি তিৰংগা সমদল উলিওৱা হয়। ইয়াৰ অংশ হিচাপে গান্ধীবাগ উদ্যানত সমবেত কণ্ঠত বন্দে মাতৰম পৰিবেশন কৰা হয়। জিলা প্ৰশাসন আৰু আৰক্ষীৰ উপৰি এন চি চি, এন এছ এছ, অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযান, নাগৰিক সংগঠন, জিলা ক্রীড়া বিভাগ আৰু অন্যান্য বিভাগৰ প্ৰতিনিধিসকলে এই কাৰ্যসূচীত অংশ লয়।