স্বাধীনতা দিৱস আৰু বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী তথা হৰ ঘৰ তিৰংগা, ২০২৬ উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চাইকেল সমদল

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আৰু বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী তথা হৰ ঘৰ তিৰংগা, ২০২৬ উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি এটা চাইকেল সমদল অনুষ্ঠিত হয়।

জিলাখনৰ আয়ুক্ত সৃষ্টি সিঙৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, ড° নীলাক্ষী বৈশ্য, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে সমদলত সক্রিয়ভাৱে অংশগ্ৰহণ কৰে।

জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ভালেসংখ্যক শিক্ষার্থীয়েও এই সমদলত অংশ লয়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই চাইকেল সমদল চহৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ আৰু সাংস্কৃতিক স্থান অতিক্রমী গান্ধী ময়দানত সামৰণি পৰে।