August 11, 2026 2:23 PM

views 30

স্বাধীনতা দিৱস আৰু বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী তথা হৰ ঘৰ তিৰংগা, ২০২৬ উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চাইকেল সমদল

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আৰু বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী তথা হৰ ঘৰ তিৰংগা, ২০২৬ উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি এটা চাইকেল সমদল অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত সৃষ্টি সিঙৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, ড° নীলাক্ষী বৈশ্য, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে সমদলত সক্রিয়ভাৱে অংশগ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ভালেসংখ্যক শিক্ষার্থীয়েও এই সমদলত অংশ লয়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই চাইকেল সমদল চহৰখনৰ...

August 5, 2026 6:40 PM

views 18

মৰিগাঁও জিলাৰ কৃষি বিভাগৰ জিলাখনৰ কৃষকসকলৰ সুবিধা হোৱাকৈ মিকিৰভেঁটাত ধান ক্রয় কেন্দ্র মুকলি

মৰিগাঁও জিলাৰ কৃষি বিভাগে জিলাখনৰ কৃষকসকলৰ সুবিধা হোৱাকৈ মিকিৰভেঁটাত এটা ধান ক্রয় কেন্দ্র মুকলি কৰে। জিলাৰ কৃষকসকলৰ পৰা নূন্যতম সমর্থন মূল্যত ধানৰ ক্ৰয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এই কেন্দ্ৰটো মুকলি কৰা হয়। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী এই কাৰ্যসূচীত উপস্থিত থাকি কৃষকসকলক চৰকাৰী নূন্যতম সমর্থন মূল্যত ধান বিক্ৰীৰ সদ্ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। কৃষকসকলে যাতে মধ্যভোগীক প্রশ্রয় নিদি চৰকাৰক পোনপটীয়াকৈ ধান বিক্ৰী কৰি উচিত মূল্য লাভ কৰে। তেওঁ এই ক্ষেত্ৰত সকলোৰে সচেতনতাৰ কামনা কৰে। এই পদক্ষেপৰ...

July 17, 2026 7:16 PM

views 27

মৰিগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ

মৰিগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি নৱ-নির্মিত মিনি ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় ১২ কোটি ৬৪ লাখ টকা ব্যয় সাপেক্ষে ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে। এই ষ্টেডিয়ামখনতে পৰহিলৈৰ পৰা পিলিক চৌধুৰী আন্তঃজিলা ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ'ব।

December 29, 2025 8:01 PM

views 66

মতিৰাম বৰা সোঁৱৰণী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে ফাইনেলত প্রৱেশ

মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল সমিতিৰ তত্বাৱধানত অনুষ্ঠিত মতিৰাম বৰা সোঁৱৰণী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে ফাইনেলত প্রৱেশ কৰিছে। আজি প্ৰথমখন ছেমি ফাইনেলত দলটোৱে দলবাৰী যুৱ কল্যাণ সংঘক ৪-২ গ'লত পৰাজিত কৰি ফাইনেলত প্রৱেশ কৰে। দ্বিতীয়খন ছেমি ফাইনেলত নর্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাব ডি বি আই কামৰূপৰ বিৰুদ্ধে অৱতীর্ণ হ'ব।

December 5, 2025 6:53 PM

views 50

২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় লোকনৃত্য প্রতিযোগিতাত মৰিগাঁও জিলাৰ দ্বিতীয় স্থান লাভ

২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় লোকনৃত্য প্রতিযোগিতাত মৰিগাঁও জিলাই অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, নতুন দিল্লীৰ উদ্যোগত অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু পৰিষদৰ জনসংখ্যা শিক্ষা কোষৰ দ্বাৰা এই প্রতিযোগিতা আয়োজন কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ হৈ কিলিংপৰীয়া মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলটোৱে জিলাখনলৈ এই সন্মান কঢ়িয়াই আনে।

November 22, 2025 7:07 PM

views 68

মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত জিলা ভিত্তিক বিজ্ঞান প্রতিযোগিতা অনুষ্ঠিত

আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত আজি মৰিগাওঁ শিক্ষণ মহাবিদ্যালয়ত এখন জিলা ভিত্তিক বিজ্ঞান প্রতিযোগিতা অনুষ্ঠিত হয়। অসম বিজ্ঞান প্রযুক্তি আৰু পৰিবেশ পৰিষদৰ অধ্যক্ষ বিশিষ্ট বিজ্ঞানী ড° বিমান বৰুৱাই প্ৰতিযোগিতাখন উদ্বোধন কৰি কয়, যে ছাত্ৰ ছাত্ৰীৰ মাজত কৃত্রিম বুদ্ধিমত্তা ৰ'বটিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া প্রয়োজন। অনুষ্ঠানত ড° বৰুৱাই কেন্দ্ৰৰ বাৰ্ষিক পত্রিকা এখনো উন্মোচন কৰে। প্রতিযোগিতাখনত বিজ্ঞানৰ বিভিন্ন আৰ্হি প্রদর্শন কৰা হয়।

October 13, 2025 8:50 PM

views 84

বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি ৩৭ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন

বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি ৩৭ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে মৰিগাঁও জিলাৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ প্ৰতিফলনৰ লগতে অসমৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত আয়োজিত আজিৰ কাৰ্যসূচীত বিধায়ক ৰমাকান্ত দেউৰী, আছিদ মহম্মদ নাজৰ, জিলা আয়ুক্ত অনামিকা তিৱাৰী, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ লয়। বিধায়ক শ্ৰীদেউৰীয়ে ১৯৪২ৰ আন্দোলনত ছহিদ হোৱা মৰিগাঁৱৰ তিনিগৰাকী মুক্তিযুঁজাৰু - হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তি...

September 9, 2025 1:15 PM

views 83

তিৱা বসতি প্ৰধান অঞ্চলৰ মৰিগাঁৱৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ

■ ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষা নীতিৰ অধীনত মৰিগাঁও জিলাৰ তিৱা বসতি প্ৰধান অঞ্চলৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ কৰিছে। এই উপলক্ষে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত কালি মৰিগাওঁ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৪ দিনীয়া তিৱা ভাষা প্রশিক্ষণ শিবিৰ আৰম্ভ হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই প্রশিক্ষণ শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ভাষণ প্ৰসংগত মন্ত্ৰী ডাঃ পেগুৱে ভাষা সংৰক্ষণ তথা মাতৃভাষাৰ জৰিয়তে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত এনে প্ৰয়াসে নতুন দিশৰ উন্...

August 19, 2025 12:41 PM

views 63

মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক

● মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা পৰ্যায়ৰ বিভিন্ন বিষয় পর্যালোচনা কৰাৰ লগতে খাদ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা, সুলভ মূল্যৰ দোকান পৰিচালনা, গুদাম ব্যৱস্থাপনাকে ধৰি কেইবাটাও বিষয় বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ এই বৈঠকত অতিৰিক্ত মুখ্য সচিব, জিলা আয়ুক্ত আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

January 22, 2025 8:37 PM

views 77

মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৃতীয় মহলাৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন

তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আজি পৰিষদৰ ২০২২-২৩ বৰ্ষৰ ১০ লাখ টকা পুঁজিৰে নিৰ্মাণ কৰা মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৃতীয় মহলাৰ ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সাংবাদিক সন্থাৰ অত্যাধুনিক পুথিভঁৰাল আৰু অভিলেখাগাৰটো তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে।