July 18, 2024 8:41 PM

views 58

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁৱত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই আইনৰ নিয়ম ২০০১ৰ ৬ নম্বৰ আৰু ১ নম্বৰ ধাৰাৰ অধীনত কোনো জীৱ-জন্তুক অন্য জীৱ-জন্তুৰ দৃষ্টিগোচৰ হোৱাকৈ বধ কৰাত বাধা আৰাপ কৰা হৈছে। নিৰ্দেশনাত লগতে শিশুৰ সন্মুখত জীৱ-জন্তু বধ কৰাতো নিষিদ্ধ কৰা হৈছে। তদুপৰি জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পথৰ কাষত বজাৰ আদি আৱৰণ নোহোৱাকৈ কাটি ৰখা মাংস আদি বিক্ৰীৰ ক্ষেত্ৰত নিষে...

July 10, 2024 12:08 PM

views 50

মৰিগাঁৱত মিছন শক্তি আৰু পৰিপুষ্টি বিষয়ক জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ বৈঠক

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনৰ জিলা পৰ্যায়ৰ মহিলা সবলীকৰণ কেন্দ্ৰ, মৰিগাঁও আৰু পোষণ অভিযান, মৰিগাঁৱৰ উদ্যোগত মিছন শক্তি আৰু পৰিপুষ্টি বিষয়ক জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ এখন বৈঠক কালি মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত মৰিগাঁও জিলাৰ বাল্য বিবাহৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগত কৰণীয় সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ উপৰি সভাত মহিলা আৰু কন্যা শিশুৰ সুৰক্ষা আৰু সবলীকৰণৰ লগতে বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ এখন গুৰুত্বপূৰ্...

June 27, 2024 7:38 PM

views 57

মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ

অসম সাহিত্য সভা, মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আজি জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে আয়োজিত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য কৃতি শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র দৈনিক অসম কাকত সম্পাদক ড০ হিতেশ ডেকাই উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

June 18, 2024 8:22 PM

views 89

আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি

বিগত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটগ্রহণ কেন্দ্রসমূহ আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰিসুতিটুপ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ প্ৰথম স্থানত আছে। একেটা সমষ্টিৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ দ্বিতীয় স্থানত আছে। আনহাতে মৰিগাঁও সমষ্টিৰ কলমৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ তৃতীয় স্থানত আছে। ইয়াৰ উপৰি মৰিগাঁৱৰ লাহৰিঘাট সমষ্টিৰ খলিহামাৰ...

June 7, 2024 8:18 PM

views 51

খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত নেডাৰলেণ্ডছৰ এগৰাকী প্ৰতিনিধিৰ সৈতে দেৱাশিষ শৰ্মাৰ বৈঠক

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত নেডাৰলেণ্ডছৰ এগৰাকী প্ৰতিনিধিৰ সৈতে আজি এখন বিশেষ বৈঠকত মিলিত হয়। নেডাৰলেণ্ডছৰ প্ৰতিনিধিগৰাকীয়ে গছপুলি ৰোপণৰ জৰিয়তে প্ৰাকৃতিক উপায়েৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা সন্দৰ্ভত বিশেষ ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে, আয়ুক্তগৰাকীয়ে আজি জিলাখনৰ মৰিগাঁও ৰাজহচক্ৰৰ অধীনৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। নিজ তেতেলীয়া মৌজাৰ অধীনৰ মৰাকলং, উত্তৰখোলা মৌজাৰ অধীনৰ সৰলপাম, দুৰুলাডুবী, পূব ধৰ্মটোল আদি অঞ্চল পৰিদৰ্শন কৰি স্থানীয় লোকসকল...

May 17, 2024 6:39 PM

views 63

অসম বিজ্ঞান সমিতিৰ সহযোগত মৰিগাঁৱৰ জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰ্যায়ৰ প্ৰদৰ্শনী অনুষ্ঠিত

মৰিগাঁও জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত তথা অসম বিজ্ঞান সমিতিৰ সহযোগত মৰিগাঁৱৰ জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰ্যায়ৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰি উদ্যোক্তাসকলক এই পদক্ষেপৰ বাবে প্ৰশংসা কৰে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে এই বিজ্ঞান প্রদর্শনীত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা ৫টা দলক ৰাজ্যিক বিজ্ঞান সমাৰোহলৈ বাছনি কৰা হ'ব।

April 22, 2024 8:26 PM

views 73

মৰিগাঁৱত মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি মৰিগাঁৱত উপস্থিত হৈ জিলাখনত নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচনী জিলাত উপস্থিত হৈ বিষয়াগৰাকীয়ে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত আৰু নিৰ্বাচনী কামকাজৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে এখন সভাত মিলিত হয়। সভাত শ্রীগোৱেলে স্ট্রং ৰুমৰ ব্যৱস্থাপনাৰ সন্দৰ্ভত বিতংভাৱে বুজ লোৱাৰ লগতে ৱেব কাষ্টিং, জি পি এছ ব্যৱস্থা, ই ভি এম ব্যৱস্থাপনা আদি বিষয় সন্দৰ্ভত আলোচনা ক...