মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত নেডাৰলেণ্ডছৰ এগৰাকী প্ৰতিনিধিৰ সৈতে আজি এখন বিশেষ বৈঠকত মিলিত হয়। নেডাৰলেণ্ডছৰ প্ৰতিনিধিগৰাকীয়ে গছপুলি ৰোপণৰ জৰিয়তে প্ৰাকৃতিক উপায়েৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা সন্দৰ্ভত বিশেষ ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে, আয়ুক্তগৰাকীয়ে আজি জিলাখনৰ মৰিগাঁও ৰাজহচক্ৰৰ অধীনৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। নিজ তেতেলীয়া মৌজাৰ অধীনৰ মৰাকলং, উত্তৰখোলা মৌজাৰ অধীনৰ সৰলপাম, দুৰুলাডুবী, পূব ধৰ্মটোল আদি অঞ্চল পৰিদৰ্শন কৰি স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শন কালত আয়ুক্তগৰাকীৰ সৈতে মৰিগাঁও চক্রবিষয়াকে ধৰি কেইবাগৰাকীও কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে, মৰিগাঁও ৰাজহ চক্ৰৰ ১৫ খন আৰু মায়ং ৰাজহ চক্ৰৰ ৪২ খনকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চল বানত প্লাবিত হৈছে।
Assamese | June 7, 2024 8:18 PM | Morigaon
খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত নেডাৰলেণ্ডছৰ এগৰাকী প্ৰতিনিধিৰ সৈতে দেৱাশিষ শৰ্মাৰ বৈঠক