মৰিগাঁও জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত তথা অসম বিজ্ঞান সমিতিৰ সহযোগত মৰিগাঁৱৰ জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰ্যায়ৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰি উদ্যোক্তাসকলক এই পদক্ষেপৰ বাবে প্ৰশংসা কৰে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে এই বিজ্ঞান প্রদর্শনীত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা ৫টা দলক ৰাজ্যিক বিজ্ঞান সমাৰোহলৈ বাছনি কৰা হ’ব।
Assamese | May 17, 2024 6:39 PM | Assam | Assam Education | Morigaon
অসম বিজ্ঞান সমিতিৰ সহযোগত মৰিগাঁৱৰ জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰ্যায়ৰ প্ৰদৰ্শনী অনুষ্ঠিত