মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনৰ জিলা পৰ্যায়ৰ মহিলা সবলীকৰণ কেন্দ্ৰ, মৰিগাঁও আৰু পোষণ অভিযান, মৰিগাঁৱৰ উদ্যোগত মিছন শক্তি আৰু পৰিপুষ্টি বিষয়ক জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ এখন বৈঠক কালি মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত মৰিগাঁও জিলাৰ বাল্য বিবাহৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগত কৰণীয় সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ উপৰি সভাত মহিলা আৰু কন্যা শিশুৰ সুৰক্ষা আৰু সবলীকৰণৰ লগতে বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ এখন গুৰুত্বপূৰ্ণ আঁচনি মিছন শক্তি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।
Assamese | July 10, 2024 12:08 PM | Assam | Morigaon
মৰিগাঁৱত মিছন শক্তি আৰু পৰিপুষ্টি বিষয়ক জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ বৈঠক