July 15, 2026 1:09 PM | Khanapara

printer

গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত

গুৱাহাটীৰ খানাপাৰাত থকা গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত কালি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্রতিষ্ঠানখনে ৰাজ্যজুৰি ৰূপায়ণ কৰি থকা আন্তঃগাঁথনিমূলক প্রকল্প, দক্ষতা বিকাশমূলক প্রশিক্ষণ, পুঁজিৰ স্বচ্ছ আৰু ফলপ্ৰসূ ব্যৱহাৰ, প্ৰতিষ্ঠানখনৰ নিজা ৰাজহ সৃষ্টিৰ ব্যৱস্থা তথা অন্যান্য কার্যকলাপ অগ্ৰগতিৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় ৷

সবল, সুপৰিকল্পিত আৰু বহনক্ষম গ্ৰাম্য উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে পঞ্চায়তীৰাজ ব্যৱস্থা অধিক শক্তিশালী আৰু জনমুখী কৰি তোলাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়েহে এই বৈঠকত ৰাজ্যৰ গ্রামাঞ্চলসমূহত অপৰিকল্পিত আৰু পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা আন্তঃগাঁথনিমূলক নির্মাণ কার্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে পঞ্চায়তসমূহক সামৰি এখন সুসংহত আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী অতুল বৰা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক অনন্ত কুমাৰ গগৈকে ধৰি ভালেসংখ্যক গন্য-মান্য লোক উপস্থিত থাকে।