July 15, 2026 11:39 AM | Death

printer

অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান

অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ কালি সন্ধিয়া আকষ্মিকভাৱে দেহাৱসান ঘটে। হঠাত অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ১৯৮০ চনত নিপ বৰুৱা পৰিচালিত আজলী নবৌ ছবিৰে অসমীয়া ছবিজগতত আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে অভিমান, পিতা-পুত্র, সোণ-মইনা, প্রথম ৰাগিনী, বাৰুদ, চিৰাজ, জীৱন নদীৰ দুটি পাৰ, নায়ক, প্রভাতী পখীৰ গান, কন্যাদান, ৰক্তবীজ, বিধাতাকে ধৰি কেইবাখনো জনপ্রিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। অভিনেত্ৰীগৰাকীয়ে আকাশবাণী, দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। এগৰাকী সফল নৃত্য পটিয়সী হিচাপেও চলচ্চিত্ৰৰ বিভিন্ন ভূমিকাত তেওঁ দর্শকক মোহাচ্ছন্ন কৰিছিল। শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত স্বামী বিশিষ্ট অভিনেতা তপন দাস, এগৰাকী কন্যাকে ধৰি বহু গুণমুগ্ধক এৰি থৈ গৈছে। অভিনেত্ৰীগৰাকীৰ বিয়োগত চলচ্চিত্ৰ জগতত গভীৰ শূন্যতাৰ সৃষ্টি হোৱাৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অভিনেত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে। এটা শোকবার্তাত মুখ্যমন্ত্ৰীয়ে এগৰাকী গুণী শিল্পী হিচাপে অভিনেত্ৰীগৰাকীয়ে এৰি যোৱা সৃষ্টিৰাজি আৰু শিল্প সাধনাই চিৰদিন চলচ্চিত্র প্রেমীক অনুপ্রাণিত কৰিব বুলি উল্লেখ কৰে। ৰূপালী পৰ্দাত তেওঁ জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰৰে অভিনেত্ৰীগৰাকী অনুৰাগীৰ মানসপটত চিৰকাল জীয়াই থাকিব বুলি তেওঁ কয়। অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া কালি গুৱাহাটীৰ ভূতনাথ শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্রী বিমল বৰা উপস্থিত থাকি অভিনেত্ৰীগৰাকীৰ শেষ শ্রদ্ধা জ্ঞাপন কৰে।