July 15, 2026 12:36 PM | India UK

printer

আজিৰে পৰা ভাৰত আৰু বৃটেইনৰ মাজৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি বলবৎ

ভাৰত আৰু বৃটেইনৰ মাজৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা বলবৎ হৈছে। একে সময়তে ডাবল কনট্রিবিউচন কনভেনচন হিচাপে উল্লেখ কৰা সামাজিক সুৰক্ষা বিষয়ক চুক্তিখনো কাৰ্যকৰী হৈছে। বৃটেইনত ভাৰতীয় পেছাদাৰীসকলৰ গতিশীলতা আৰু প্ৰতিযোগিতামূলক ক্ষমতাক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। এই ঐতিহাসিক চুক্তিৰ জৰিয়তে ভাৰতীয় ৰপ্তানিয়ে ব্ৰিটেইনৰ বজাৰত ৯৯ শতাংশ শুল্ক ক্ষেত্ৰত শূন্য শুল্ক প্ৰৱেশৰ সুবিধা লাভ কৰিলে। এই চুক্তিয়ে উভয় দেশৰ কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দুয়ো দেশৰ জনসাধাৰণৰ সমৃদ্ধিৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ভাৰতৰ বাণিজ্য সচিব ৰাজেশ আগৰৱালাই এই চুক্তিক ভাৰতৰ বাণিজ্য যাত্ৰাৰ মাইলৰ খুঁটি বুলি অভিহিত কৰি কয় যে ই দুখন বৃহৎ অৰ্থনীতিৰ দেশৰ মাজত ভৱিষ্যতমুখী অর্থনৈতিক সহযোগিতাৰ সূচনা কৰিলে। তেওঁ কয় যে এই চুক্তিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কৰ এক নতুন অধ্যায়ৰ পাতনি মেলিলে। চুক্তিখনক ভাৰতৰ সৰ্বাত্মক চুক্তিসমূহৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰি সচিবগৰাকীয়ে ইয়াৰ ফলত বাণিজ্যিক চুক্তি আৰু শুল্কৰ সৈতে জড়িত বিভিন্ন বাধা হ্রাস পাব বুলি প্ৰকাশ কৰে। ইপিনে, ডাবল কনট্রিবিউচন কনভেনচন হিচাপে সততে উল্লেখ কৰা সামাজিক সুৰক্ষা বিষয়ক চুক্তিত আলোকপাত কৰি তেওঁ কয় যে এই ব্যৱস্থাই ভাৰতীয় পেছাদাৰী আৰু তেওঁলোকৰ নিয়োগকর্তাসকলক উপকৃত কৰিব আৰু ব্ৰিটেইনত অস্থায়ী নিযুক্তিত থকা যোগ্য শ্রমিকসকলক নির্দিষ্ট সময়ৰ বাবে সামাজিক সুৰক্ষাৰ বৰঙণি প্ৰদানৰ পৰা ৰেহাই দিব। সংহত, সুস্থিৰ আৰু প্ৰতিযোগিতামূলক অৰ্থনীতিৰ দিশত এই দুয়োখন চুক্তিৰ ৰূপায়ণ ভাৰতৰ এক বৃহৎ গোলকীয় পদক্ষেপ হিচাপে চিহ্নিত হৈছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে।