অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্রতিক বানত ৬ খন জিলাৰ ৩৭ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি ১২টা ৰাজহ চক্ৰৰ ৯৯ খন গাঁৱৰ ৩৭ হাজাৰ ৩২ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ এলেকাত এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা ৪ লৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক ৩৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ ধেমাজি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছে। ক্ষতিগ্রস্ত জিলাকেইখনত এহেজাৰ হেক্টৰৰো অধিক কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইতিমধ্যে বান ক্ষতিগ্রস্ত জিলাকেইখনত প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰ কৰি তুলিছে। ২৪টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি অত্যাৱশ্যকীয় সামগ্রী বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।
Assamese | July 15, 2026 12:09 PM | Flood assam
শেহতীয়া বানত ৰাজ্যৰ ছখন জিলাৰ ৩৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত