September 2, 2026 1:41 PM

views 22

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সময়ে সময়ে কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা মানাহ আৰু বেকী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। আমাৰ বাক্সা জিলাৰ সংবাদদাতাই জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা মতে মৰা পাগলাদিয়া, কালদিয়া, পহুমাৰা আৰু পাগলাদিয়া নৈৰ জলস্তৰ বৃদ্ধি পাই আছে। অৱশ্যে বেকী নৈৰ জলস্তৰ এতিয়াও সুস্থিৰ হৈ আছে। বৰপেটা জিলা দুর্যোগ ব্যৱস্থাপনা বিভা...

August 4, 2026 6:38 PM

views 19

ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৭ লৈ বৃদ্ধি

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ ৩৮০ খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত ১ লাখ ২৮ হাজাৰ ৭১ জন লোক প্ৰভাৱিত হোৱাৰ উপৰি ১৪ হাজাৰ ২৩০ হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ দুটা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৭ হৈছেগৈ। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্যখনত এইবাৰৰ বানত ৰাজ্যৰ মুঠ ২৫ খন জিলাৰ দুহেজাৰ ২৮১ খন গাঁৱৰ...

August 2, 2026 11:53 AM

views 21

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২লৈ বৃদ্ধি

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে।  এই বানত ৩৪৯ খন গাঁৱৰ ১৭ লাখ ৮ হাজাৰ ৮৩৭ জন লোক প্ৰভাৱিত হৈছে। তদুপৰি ১৫ হাজাৰ ৬০ হেক্টৰ কৃষি ভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ হৈছেগৈ। অৱশ্যে এই বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰ...

July 28, 2026 7:57 PM

views 17

ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ, ৬খন জিলা এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ হোৱা পৰিলক্ষিত হৈছে। বান বিধবস্ত জিলাৰ সংখ্যা আজি ছখনলৈ অৱনমিত হৈছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এইবাৰৰ বানত দুহেজাৰ ১৯৭ খন গাঁৱৰ ১১ লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হয়। এই বানত ৬৮ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে কমেও ৮ জন লোক সন্ধানহীন হৈ আছে। প্রলয়ংকৰী বানত এহেজাৰ ১৮০টাৰো অধিক বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত আৰু ৯ হাজাৰ ৯২৬টা আংশিকভাৱ...

July 21, 2026 6:23 PM

views 16

ৰাজ্যৰ শেহতীয়া বানত ১১ খন জিলাৰ ৩ লাখ ১০ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন

ৰাজ্যৰ শেহতীয়া বানত ১১ খন জিলাৰ ৩ লাখ ১০ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এইপর্যন্ত ১১ জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপৰ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত ৩৬টা ৰাজহ চক্ৰৰ ৭৫৮ খন গাঁৱৰ ১৪ হাজাৰ ৪১১ হেক্টৰ কৃষি...

July 20, 2026 7:34 PM

views 30

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত জটিল বান পৰিস্থিতি

ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰ, ডিফু, ধুবুৰী, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাট তথা ওদালগুৰি জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ২৯৮ খন গাঁৱৰ ৫৭ হাজাৰ ১৯৯ গৰাকী লোক বানত ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত ৰাজ্যখনৰ মুঠ ৩ হাজাৰ ৮৭৪ দশমিক ৮৪ হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলা...

July 15, 2026 12:09 PM

views 35

শেহতীয়া বানত ৰাজ্যৰ ছখন জিলাৰ ৩৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্রতিক বানত ৬ খন জিলাৰ ৩৭ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি ১২টা ৰাজহ চক্ৰৰ ৯৯ খন গাঁৱৰ ৩৭ হাজাৰ ৩২ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ এলেকাত এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা ৪ লৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক ৩৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ ধেমাজি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড...

July 3, 2026 12:20 PM

views 14

ৰাজ্যৰ বান পৰিস্থিতি উন্নত যদিও বৰ্তমানো দুখন জিলাৰ ২৫ হাজাৰৰো অধিক লোক বানৰ কৱলত

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ ২৫ হাজাৰৰো অধিক লোক বানৰ কৱলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় ২৫ হাজাৰ ১০০ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু ৩৯৩. ৪-৪ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্রভাৱিত লোকৰ বাবে স্থাপন কৰা চাৰিটা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও ১২৯ গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈ...

June 29, 2026 6:38 PM

views 31

টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতিৰ বুজ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ

ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীর্ণ অঞ্চল প্লাৱিত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নি পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ দেউৰী, বেৰাবেংগলী, অকলেণ্ডকে ধৰি কমেও কুৰিখন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰি নৈৰ বানে জোনাই অঞ্চলৰ ১৫ খনৰো অধিক গাঁও বুৰাই পেলাইছে৷ জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় ১২ হাজাৰ লোকৰ বাবে ৯টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নি পানীয়ে কালি নৈখনৰ ...

September 16, 2025 6:50 PM

views 105

নীপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বানত বুৰ গৈছে। ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙী, সৰুপথাৰ আৰু বোকাখাতৰ পাঁচটা ৰাজহ চক্ৰ বানৰ কৱলত পৰিছে। জিলাখনৰ ৫৬ খন গাঁৱৰ ৪ হাজাৰ ৫০০ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলা প্ৰশাসনে ১৫টা আশ্রয় শিবিৰ মুকলি কৰিছে। আজি জিলা আয়ুক্ত পুলক মহন্তই সীমান্ত দণ্ডাধীশৰ সৈতে গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ইটানগৰটোপ অঞ্চলত...