July 3, 2026 12:20 PM | Flood assam

printer

ৰাজ্যৰ বান পৰিস্থিতি উন্নত যদিও বৰ্তমানো দুখন জিলাৰ ২৫ হাজাৰৰো অধিক লোক বানৰ কৱলত

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ ২৫ হাজাৰৰো অধিক লোক বানৰ কৱলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় ২৫ হাজাৰ ১০০ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু ৩৯৩. ৪-৪ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্রভাৱিত লোকৰ বাবে স্থাপন কৰা চাৰিটা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও ১২৯ গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেই কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰে’লপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ ৩০ টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰে’ল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংগঠিত নহয়, তাৰবাবে সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰে’ললাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি ৫০ কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰে’ল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰকাশ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেন চাপৰিৰ ৰে’ল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে আৰ ডি এছ অ’ দলে নক্সা প্রস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।