ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰ, ডিফু, ধুবুৰী, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাট তথা ওদালগুৰি জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ২৯৮ খন গাঁৱৰ ৫৭ হাজাৰ ১৯৯ গৰাকী লোক বানত ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত ৰাজ্যখনৰ মুঠ ৩ হাজাৰ ৮৭৪ দশমিক ৮৪ হেক্টৰ কৃষিভূমি বুৰ গৈছে।
চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাওকাক, চফ্ৰাই আৰু দৰিকা নদীৰ বাঢ়নি পানীয়ে সোণাৰী নগৰ, মথুৰাৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাবিত কৰিছে। হঠাৎ অহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ-বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে ভাৰতীয় সেনাই অপ জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। বান পৰিস্থিতি পৰিচালনাৰ বাবে গড়গাঁও মহাবিদ্যালয়ত সেনাৰ নিয়ন্ত্ৰণ শিবিৰ স্থাপন কৰা হৈছে ।
ইপিনে, হঠাৎ অহা বানৰ ফলত শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰত এজন লোকৰ মৃত্যু হৈছে আৰু ইয়াকে ধৰি ৰাজ্যখনৰ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ লৈ বৃদ্ধি হৈছে। প্ৰশাসনে স্থাপন কৰা ১৪টা শিবিৰত প্ৰায় ৫০০ লোকে আশ্রয় গ্রহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্রী সুশান্ত বৰগোঁহাই জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। জিলাখনত এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি আৰু জৰুৰীকালীন সেৱা, জিলা প্রশাসন তথা সেনাবাহিনীৰ সমন্বিত প্ৰচেষ্টাত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান-বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্রশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ তথ্য অনুসৰি ডিব্ৰুগড়মুখী বাহনসমূহক তেজপুৰ-বিশ্বনাথ, চাৰিআলি-বগীবিল দলঙৰ জৰিয়তে চলাচল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ধুবুৰী জিলাত গংগাধৰ, গদাধৰ, সোণকোষ আৰু গৌৰাং নৈৰ বাঢ়নি পানীয়ে জিলাখনৰ কেইবাটাও অঞ্চল বুৰাই পেলাইছে। একেৰাহে কেইবাদিন ধৰি চলি থকা মুষলধাৰ বৰষুণৰ ফলত বিলাসীপাৰাৰ বহু ঠাই বানৰ কবলত পৰিছে।
বিগত দুদিন ধৰি অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত আজি ডিফুৰ ফুলনি ৰাজহচক্ৰৰ অন্তৰ্গত ডকমকা নগৰ, পাণজুৰি, ডেনগাঁও, মাটিখুলাকে ধৰি নৈ কাষৰীয়া কেইবাখনো গাঁও প্লাবিত হৈছে। অঞ্চলটোৰ সাতখন গাঁৱৰ প্রায় এহেজাৰ লোক বানৰ কবলত পৰিছে। বানত আবদ্ধ লোকসকলৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে জৰুৰীকালীন সেৱা বাহিনীক মোতায়ন কৰা হৈছে। কাৰ্বি আংলঙত হোৱা এই বানত ডকমকা থানাৰ অন্তৰ্গত ডেকা চাঙৰ এজন লোকক বানে উটুৱাই নিয়ে। আনহাতে ৰাজু গোৱালা নামৰ ডিফলু নদীত উটি যোৱা যুৱকজনৰ সন্ধানত স্থানীয় ৰাইজে অভিযান চলাই আছে। বৰাক নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাছাৰ জিলা প্ৰশাসনে শিলচৰত বিশেষ সতর্কবাণী জাৰি কৰিছে। জিলা প্ৰশাসনে সংশ্লিষ্ট বিভাগসমূহৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে।
মৰিগাঁও জিলাৰ জাগীৰোডত যোৱা নিশা হোৱা মুষলধাৰ বৰষুণত নখোলা, শ্যামাপল্লী, শুকান মাছ বজাৰ, মার্কাংকুছি আদি অঞ্চল কৃত্রিম বানৰ কবলত পৰে।
ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰে’লসেৱা বাতিল কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাবে বন্ধ ৰখা হৈছে।