ৰাজ্যৰ শেহতীয়া বানত ১১ খন জিলাৰ ৩ লাখ ১০ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এইপর্যন্ত ১১ জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপৰ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত ৩৬টা ৰাজহ চক্ৰৰ ৭৫৮ খন গাঁৱৰ ১৪ হাজাৰ ৪১১ হেক্টৰ কৃষিভূমি বুৰ গৈছে।
চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাসাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাঁজী আৰু ভোগদৈ নৈৰ বাঢ়নি পানীয়ে সচৰাচৰ বানে নোচোৱা বাম অঞ্চলসমূহো প্লাৱিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনা বাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্রশাসনসমূহে ১০১টা আশ্রয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত ১২ হাজাৰ ৭২০ জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত এছ ডি আৰ এফ আৰু এন ডি আৰ এফে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ দিজুৰ বাঢ়নি পানীয়ে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও ৭৩২ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰিবলৈ কাইলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব।
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লয়। সমজিলাখনত ৪৭ খন গাঁও বানৰ কবলত পৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে বানপীড়িতসকলক বৰহোলা কলেজৰ অস্থায়ী শিবিৰত আশ্ৰয় দিয়া হৈছে। ইয়াৰ লগতে দুৰ্গতসকলৰ কাৰণে বান সাহায্যৰ ব্যৱস্থা কৰা হৈছে।
কাৰ্বি আংলং জিলাৰ বিস্তীর্ণ অঞ্চলো শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি তেওঁৰ নিজ সমষ্টি বোকাখাতৰ বাদুলীপাৰৰ জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীর্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ চাৰিটা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে।
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান-বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে।
ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰে’লসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰে’লসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে।