ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ হোৱা পৰিলক্ষিত হৈছে। বান বিধবস্ত জিলাৰ সংখ্যা আজি ছখনলৈ অৱনমিত হৈছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে।
কালি পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এইবাৰৰ বানত দুহেজাৰ ১৯৭ খন গাঁৱৰ ১১ লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হয়। এই বানত ৬৮ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে কমেও ৮ জন লোক সন্ধানহীন হৈ আছে। প্রলয়ংকৰী বানত এহেজাৰ ১৮০টাৰো অধিক বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত আৰু ৯ হাজাৰ ৯২৬টা আংশিকভাৱে ক্ষতিগ্রস্ত হয়।
সম্প্ৰতি ৰাজ্যৰ ২১টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৩১ খন গাঁৱৰ ৪ লাখ ৪৫ হাজাৰ ৪৯৫ গৰাকী লোক বানৰ কবলত আছে। কালি বানত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
আনহাতে, প্ৰশাসনৰ সহযোগত বানপীড়িত ৰাইজে আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত স্বাভাৱিক জীৱন-যাপনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। শিৱসাগৰ নগৰৰ পৰা লাহে লাহে দৰিকা আৰু দিখৌ নৈৰ পানী ওলাই যাবলৈ ধৰিছে। অৱশ্যে নগৰখনৰ ১০টা ৱাৰ্ডত এতিয়াও পানী জমা হৈ আছে। শিৱসাগৰৰ বেছিভাগ অংশতে বিদ্যুতৰ যোগান পুনৰ আৰম্ভ হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগিতাত জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণৰ কাম চলি আছে। বান বিধবস্ত ভিতৰুৱা গাঁওসমূহত এতিয়াও নাৱৰ সহায়ত খাদ্য আৰু অন্যান্য সা-সামগ্ৰীৰ যোগান ধৰা হৈ আছে।
চৰাইদেউ জিলাত বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও বহু অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। কৃষি ভূমিসমূহৰ পৰা পানী আৰু পলস এতিয়াও ওলাই নোযোৱাৰ বাবে কৃষিকাৰ্য ব্যাহত হৈ আছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগত জনসাধাৰণক সাহায্য বিতৰণ অভিযান পূর্ণগতিত চলি আছে। জিলাখনৰ অতিৰিক্ত আয়ুক্ত সূৰজ সোণোৱালে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে।