September 16, 2025 12:45 PM
58
নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত
নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৰ দৈয়াং জনবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত জিলাখনৰ ধনশিৰি আৰু দৈয়া নৈৰ লগতে উপনৈসমূহৰ জনস্তৰ বৃদ্ধি পাইছে। কালি সন্ধিয়া পর্যন্ত লাভ কৰা তথ্য অনুসৰি জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙী, সৰুপথাৰ আৰু বোকাখাতৰ পাঁচটা ৰাজহ চক্ৰ বানৰ কৱলত পৰিছে। জিলাখনৰ ৫৬ খন গাঁৱৰ চাৰি হাজাৰ ৫০০ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলা প্রশাসনে ১৫ টা আশ্রয় শিবিৰ মুকলি কৰিছে। বানত আৱদ্ধসকলক সহায়ৰ বাবে...