বছৰটোৰ প্ৰথমটো বানে সংহাৰি ৰূপ ধাৰণ কৰাৰ সময়তে গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য বানৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ বাঢ়নি পানীয়ে অভয়াৰণ্যখনৰ ৭০ শতাংশ বনাঞ্চল বুৰাই পেলাইছে। টুপলুং, হাঁহচৰা, পাগলাডুবা, হাদুক, শিলডুবি আদি কেইবাটাও বন শিবিৰ বানৰ কবলত পৰিছে। গড়কে ধৰি অভয়াৰণ্যখনৰ আন আন জীৱ-জন্তুসমূহ নিৰাপদ আৰু ওখ স্থানলৈ ঢাপলি মেলিছে। অভয়াৰণ্য কৰ্তৃপক্ষই বন্য প্রাণীসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত হাঁহকে ধৰি যাৱতী সকলো ব্যস্থা গ্ৰহণ কৰিছে। চোৰাং চাকাৰীয়ে যাতে বন্য প্রাণীসমূহৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে পবিতৰাৰ বন বিভাগে চোকা দৃষ্টি ৰাখিছে।
Assamese | June 6, 2025 1:02 PM | Flood assam
বছৰৰ প্ৰথমটো বানৰ কবলত পবিতৰা অভয়াৰণ্য