June 3, 2024 6:04 PM

views 61

অসমৰ ১৩ খন জিলাৰ ৫ লাখৰো অধিক লোক বানৰ কবলত

অসমৰ ১৩ খন জিলাৰ ৫ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানত বৰ্তমানলৈ ৩ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৪ হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ৰাজ্যখনৰ ১৩ খন জিলাৰ ৫৬৪ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৮ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। চৰকাৰী সূত্ৰ অনুসৰি বানত বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত ২ জন আৰু নগাঁৱত এজন লোকৰ মৃত্যু হৈছে। আনহাতে, কাছাৰ জিলাত এজন যুৱক আৰু এটি শিশু সন্ধানহীন হৈ আছে...

June 1, 2024 2:13 PM

views 74

ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে লগতে কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰত

◊ ৰীমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বৰাক, কপিলী, কুশিয়াৰা আৰু কাটাখাল আদিকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ মুঠ ২৫টা বাজহ চক্ৰ অধীনস্থ ৫৬০খন গাঁও বানত প্লাৱিত হৈছে। এই পর্যন্ত ৰাজ্যৰ মুঠ ৩ লাখ ৪৯ হাজাৰ ৪৫ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে।...

June 1, 2024 2:11 PM

views 66

বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ

♦ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় বিষয়া তথা অভিযন্তাক প্রয়োজনীয় নির্দেশনা প্রদানৰ লগতে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকক উদ্দেশ্যে কয় যে, বৰাক উপত্যকাত হোৱা বানৰ তাৎক্ষণিক কাৰকবোৰ জানিবলৈ জলসম্পদ বিভাগৰ পৰা প্ৰয়াস কৰি থকা হৈছে আৰু বান বোধিবলৈ সম্ভৱপৰ সকলো কাম পর্যায়ক্রমে কৰা হ'ব। বৰাক উপত্যকাত এতিয়ালৈকে ৭টা মথাউৰি ভঙাৰ লগতে বানপীড়িতৰ বাবে কাছাৰত ৭৩টা,...

May 31, 2024 12:19 PM

views 55

ৰাজ্যৰ ৯ খন জিলাৰ জনজীৱন প্ৰাক বাৰিষাৰ বানত বিপর্যস্ত

ৰাজ্যৰ ৯ খন জিলাৰ জনজীৱন প্ৰাক বাৰিষাৰ বানত বিপর্যস্ত হৈ পৰিছে। চৰকাৰী তথ্য মতে এই বানত ২২ টা ৰাজহ চক্ৰৰ ৩৮৬ খন গাঁৱৰ ১ লাখ ৯৮ হাজাৰ ৮৫৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত বৰাক উপত্যকাৰ জিলা কেইখন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে, ভালেসংখ্যক নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ন ন অঞ্চল প্লাবিত হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ তথ্য অনুসৰি কপিলি নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে ৰাজ্যখনৰ কমেও ৯ খন জিলা নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, ডিমা হাচা...

May 30, 2024 6:31 PM

views 64

ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত

ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘূৰ্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। ৰাজ্যখনৰ কমেও ৮ খন জিলা নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট আৰু কাৰ্বি আংলঙৰ ১৪৩ খন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। এই বানত ২৬ হাজাৰৰো অধিক লোক আৰু ১৯৭ হেক্টৰ কৃষি ভূমি ক্ষতিৰ সন্মুখীন হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে জিলাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈছে। ইফা...