♦ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় বিষয়া তথা অভিযন্তাক প্রয়োজনীয় নির্দেশনা প্রদানৰ লগতে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকক উদ্দেশ্যে কয় যে, বৰাক উপত্যকাত হোৱা বানৰ তাৎক্ষণিক কাৰকবোৰ জানিবলৈ জলসম্পদ বিভাগৰ পৰা প্ৰয়াস কৰি থকা হৈছে আৰু বান বোধিবলৈ সম্ভৱপৰ সকলো কাম পর্যায়ক্রমে কৰা হ’ব। বৰাক উপত্যকাত এতিয়ালৈকে ৭টা মথাউৰি ভঙাৰ লগতে বানপীড়িতৰ বাবে কাছাৰত ৭৩টা, হাইলাকান্দিত ১৪টা আৰু কৰিমগঞ্জত ১৬টাকৈ আশ্রয়শিবিৰ স্থাপন কৰা বুলি জানিবলৈ দি বিভিন্ন অঞ্চলৰ মথাউৰিৰ ছিগা অংশসমূহ অহা ১৫ দিনৰ ভিতৰত জিঅ’ টিউবৰ সহায়ত বন্ধ কৰি দিয়া হ’ব বুলিও তেওঁ উল্লেখ কৰে।
Assamese | June 1, 2024 2:11 PM | Assam Flood | Barak Valley | Flood assam | Local news | Pijush Hazarika
বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ