কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ বিস্তীর্ণ অঞ্চল বানৰ কৱলত পৰিছে। নগা পাহাৰৰ পৰা প্ৰৱাহিত নামদাং, দৈ-খনা, দিচৈ, ডেন্সি আদি উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে গেলেকীৰ নচুক, নআলি, বামুণগাঁও, ৰঙাগড়া, চপৰীয়া, মৰাণগাঁও, কছাৰী, তল মৰাণগাঁও, ওপৰ নামচাই, চৰাইসজীয়া, নমাটি, কাটনিপাৰ, বনুৱা আদি অঞ্চল বানত বুৰ গৈছে। বানৰ ফলত গেলেকীৰ এই বৃহত্তৰ অঞ্চলত খোৱাপানীকে ধৰি খাদ্য সমস্যাই দেখা দিছে। বন্যাক্রান্ত পৰিয়ালসমূহক সকাহ প্ৰদানৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
Assamese | July 4, 2025 12:46 PM | Flood assam
অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ বিস্তীর্ণ অঞ্চল বানৰ কৱলত