September 2, 2026 1:41 PM | Flood assam

printer

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সময়ে সময়ে কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা মানাহ আৰু বেকী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। আমাৰ বাক্সা জিলাৰ সংবাদদাতাই জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা মতে মৰা পাগলাদিয়া, কালদিয়া, পহুমাৰা আৰু পাগলাদিয়া নৈৰ জলস্তৰ বৃদ্ধি পাই আছে। অৱশ্যে বেকী নৈৰ জলস্তৰ এতিয়াও সুস্থিৰ হৈ আছে।

বৰপেটা জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে কালি জাৰি কৰা সতর্কতা এতিয়াও অব্যাহত আছে। বিভাগটোৱে নৈপৰীয়া অঞ্চলসমূহত বানৰ আশংকালৈ চাই নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

ইপিনে, নাগালেণ্ডত হোৱা প্ৰৱল বৰষুণৰ ফলত ভোগদৈ নদীৰ জলস্তৰ বৃদ্ধি হোৱাত উজনিতো বানৰ আশংকাই দেখা দিছে। বান বিধবস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ সতৰ্কতা জাৰি কৰিছে।

শ্রীভূমি জিলাৰ দুৰ্লভপুৰ বজাৰঘাট আৰু মুৰাদপুৰ অঞ্চল জলমগ্ন হৈ পৰাৰ ফলত স্থানীয় ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। বানৰ আশংকাত অঞ্চলটোত প্ৰশাসনে সতর্কতা জাৰি কৰাৰ লগতে জনসাধাৰণক প্ৰশাসনৰ নিৰ্দেশনা অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে।