June 29, 2026 6:38 PM | Flood assam

printer

টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতিৰ বুজ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ

ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীর্ণ অঞ্চল প্লাৱিত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নি পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ দেউৰী, বেৰাবেংগলী, অকলেণ্ডকে ধৰি কমেও কুৰিখন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰি নৈৰ বানে জোনাই অঞ্চলৰ ১৫ খনৰো অধিক গাঁও বুৰাই পেলাইছে৷ জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় ১২ হাজাৰ লোকৰ বাবে ৯টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নি পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰে’ল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজত অনির্দিষ্ট কাললৈ ৰে’ল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি ছিজি-মাগি ব্লক পইণ্টত ছিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মর্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যার্তসকলক প্রয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱজন্তুৰ সুৰক্ষাৰ বাবে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছটা এনিমেল কৰিৰ্ডৰত অত্যাধুনিক চেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে ৪০ কিলোমিটাৰতকৈ অধিক বেগত যান-বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে ।

শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুড়িকে ধৰি বান ক্ষতিগ্রস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্রী তথা সাংস্কৃতিক মন্ত্রী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।