August 2, 2026 11:53 AM | Flood assam

printer

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২লৈ বৃদ্ধি

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। 

এই বানত ৩৪৯ খন গাঁৱৰ ১৭ লাখ ৮ হাজাৰ ৮৩৭ জন লোক প্ৰভাৱিত হৈছে। তদুপৰি ১৫ হাজাৰ ৬০ হেক্টৰ কৃষি ভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ হৈছেগৈ। অৱশ্যে এই বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই।

ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰী আৰু বে-চৰকাৰী প্ৰচেষ্টা অব্যাহত আছে। ৰাজ্য চৰকাৰৰ সাহায্যৰ সমান্তৰালকৈ বিভিন্ন ব্যক্তি, দল তথা স্বেচ্ছাসেৱী সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে।