অসম বিজ্ঞান সমিতিৰ মৰিগাওঁ শাখাৰ উদ্যোগত আজি মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় দিনজোৰা কাৰ্যসূচীৰে ৩২ সংখ্যক জিলা পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হয়। অসম বিজ্ঞান সমিতিৰ মৰিগাওঁ শাখাৰ সভাপতি ড° নিলোৎপল কাকতিয়ে আজি পুৱা পতাকা উত্তোলন কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
অসম বিজ্ঞান সমিতিৰ সচিব মৃনাল হাজৰিকাই “স্থিতিশীলতাৰ বাবে বিজ্ঞান আৰু উদ্ভাৱন” এই মূল বিষয়বস্তুৰে এই সমাৰোহ মুকলি কৰে। সমাৰোহত মূল বিষয়ৰ আধাৰত নিৰ্ধাৰিত আন ৫ টা উপ বিষয়ক কেন্দ্ৰ কৰি জিলাখনৰ উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ৫৮ টা প্ৰকল্প পঞ্জীয়ন কৰা হয়।
জিলা পৰ্যায়ত নির্বাচিত প্রকল্পসমূহ পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰেৰণ কৰা হ’ব। উল্লেখযোগ্য যে ১৯৯৩ চনৰ পৰাই মৰিগাওঁ জিলাত শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত কৰি অহা হৈছে।