মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল সমিতিৰ তত্বাৱধানত অনুষ্ঠিত মতিৰাম বৰা সোঁৱৰণী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে ফাইনেলত প্রৱেশ কৰিছে। আজি প্ৰথমখন ছেমি ফাইনেলত দলটোৱে দলবাৰী যুৱ কল্যাণ সংঘক ৪-২ গ’লত পৰাজিত কৰি ফাইনেলত প্রৱেশ কৰে। দ্বিতীয়খন ছেমি ফাইনেলত নর্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাব ডি বি আই কামৰূপৰ বিৰুদ্ধে অৱতীর্ণ হ’ব।
Assamese | December 29, 2025 8:01 PM | Morigaon
মতিৰাম বৰা সোঁৱৰণী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে ফাইনেলত প্রৱেশ