মৰিগাঁও জিলাৰ কৃষি বিভাগৰ জিলাখনৰ কৃষকসকলৰ সুবিধা হোৱাকৈ মিকিৰভেঁটাত ধান ক্রয় কেন্দ্র মুকলি

মৰিগাঁও জিলাৰ কৃষি বিভাগে জিলাখনৰ কৃষকসকলৰ সুবিধা হোৱাকৈ মিকিৰভেঁটাত এটা ধান ক্রয় কেন্দ্র মুকলি কৰে। জিলাৰ কৃষকসকলৰ পৰা নূন্যতম সমর্থন মূল্যত ধানৰ ক্ৰয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এই কেন্দ্ৰটো মুকলি কৰা হয়। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী এই কাৰ্যসূচীত উপস্থিত থাকি কৃষকসকলক চৰকাৰী নূন্যতম সমর্থন মূল্যত ধান বিক্ৰীৰ সদ্ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

কৃষকসকলে যাতে মধ্যভোগীক প্রশ্রয় নিদি চৰকাৰক পোনপটীয়াকৈ ধান বিক্ৰী কৰি উচিত মূল্য লাভ কৰে। তেওঁ এই ক্ষেত্ৰত সকলোৰে সচেতনতাৰ কামনা কৰে। এই পদক্ষেপৰ ফলত কৃষকসকলৰ আয় বৃদ্ধি আৰু কৃষিখণ্ডক অধিক শক্তিশালী কৰাত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

জিলাৰ কৃষি বিভাগে ধান বিক্ৰীৰ বাবে প্ৰয়োজনীয় প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে কৃষকসকলে যাতে এই ক্ষেত্ৰত কোনো অসুবিধান নোহাৱাকৈ ধান বিক্ৰী কৰিব পাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজিৰ অনুষ্ঠানত সহকাৰী কৃষি সঞ্চালক অসীম কুমাৰ নাথৰ লগতে জিলাখনৰ বিভাগটোৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।