জনজাতীয় গৌৰৱ পষেকৰ অংশস্বৰূপে আজি মৰিগাঁও জিলাৰ দুখন বিদ্যালয়ত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে দুখন আবাসৰ আধাৰশিলা স্থাপন কৰে।
মৰিগাঁও সমষ্টিৰ মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয় দুখনত ধৰতী আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযানৰ অধীনত এই দুখন বিদ্যালয়ত জনজাতীয় আবাসৰ আধাৰশিলা স্থাপন কৰে।
জনজাতীয় পৰিক্ৰমা বিভাগৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই আবাসৰ বাবদ ২ কোটি ৫১ লাখ টকা ধাৰ্য কৰা হৈছে। এই আবাসে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুৰক্ষিত আৰু উন্নত আবাসিক সুবিধা নিশ্চিত কৰাৰ লগতে শৈক্ষিক যাত্ৰাত সহায় কৰিব বুলি আশা প্রকাশ কৰা হৈছে।
বিদ্যালয়ত আবাসৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষকৰ নিযুক্তি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে।