মৰিগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ

মৰিগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছে।

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি নৱ-নির্মিত মিনি ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰে।

প্ৰায় ১২ কোটি ৬৪ লাখ টকা ব্যয় সাপেক্ষে ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে। এই ষ্টেডিয়ামখনতে পৰহিলৈৰ পৰা পিলিক চৌধুৰী আন্তঃজিলা ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ’ব।