মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ ৩৮ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ ৩৮ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হৈছে। এই উৎসৱৰ জৰিয়তে জিলাখনৰ ঐতিহ্য আৰু গৌৰৱময় পৰিচয়ক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লগতে নাগৰিকৰ দায়বদ্ধতা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্রহণ বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে।

আজি পুৱা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ুক্ত সৃষ্টি সিং, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, ড০ নীলাক্ষি বৈশ্য, সহকাৰী আয়ুক্ত শুভংকৰ হোৰে আৰু প্ৰশাসনৰ বিষয়াবৰ্গ উপস্থিত থাকে।

কাৰ্যসূচীৰ অংশ হিচাপে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত স্বাধীনতা সংগ্ৰামৰ ছহীদ তিলক ডেকা, হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈৰ মূৰ্তিত শ্রদ্ধাঞ্জলি নিবেদন কৰা হয়। চৰকাৰী কাৰ্যালয়, ৰাজহুৱা প্ৰতিষ্ঠানত স্বচ্ছ অভিযান ৰূপায়ণৰ লগতে বিদ্যালয়, মহাবিদ্যালয়সমূহত কুইজ, চিত্রাংকন, সংগীত প্রতিযোগিতাৰ আয়োজন কৰা হয়।

কাইলৈ তৰুণৰাম ফুকন খেলপথাৰত জিলা দিৱসৰ ৩৮ খন পতাকা উত্তোলনৰ লগতে মানৱ শৃংখল গঠন, গীত পৰিৱেশন, সাংস্কৃতিক শোভাযাত্রা, দেৱাল চিত্র অংকন, বাটৰ নাট আদি কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।