October 13, 2026 3:00 PM

views 7

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ ৩৮ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ ৩৮ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হৈছে। এই উৎসৱৰ জৰিয়তে জিলাখনৰ ঐতিহ্য আৰু গৌৰৱময় পৰিচয়ক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লগতে নাগৰিকৰ দায়বদ্ধতা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্রহণ বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। আজি পুৱা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ুক্ত সৃষ্টি সিং, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, ড০ নীলাক্ষি বৈশ্য, সহকাৰী আয়ুক্...