৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত এদিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্রস্তুতি

৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত এদিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলন প্ৰায় সম্পূৰ্ণ কৰিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ’ব।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৫ আগষ্টৰ পুৱা ৯ বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্রহণ কৰিব। এইবাৰ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসম আৰক্ষী, বীৰাংগনা, চি আৰ পি এফ, এছ এছ বি, চি আই এছ এফ, বি এছ এফ, জি আৰ পি, এন চি চি আৰু ডগ্‌ স্কোৱাডকে ধৰি ২৫টা দলে অংশগ্ৰহণ কৰিব।

ত্ৰিপুৰা আৰক্ষীৰ এটা দলেও পেৰেডত অংশ ল’ব। কালি বিয়লি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। তেওঁ বাহিনীসমূহে চলাই থকা পেৰেডৰ অনুশীলন প্ৰত্যক্ষ কৰে। তেওঁ লগতে হৰ ঘৰ তিৰংগা অভিযান সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনায়।

স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বায়ুসেনাৰ উদ্যোগত কালি দীঘলীপুখুৰীপাৰৰ যুদ্ধৰ স্মাৰকত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বায়ুসেনাৰ জোৱানসকলে দেশপ্রেমমূলক গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।

কামৰূপ জিলাত স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি চলিছে। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অসম আৰক্ষীৰ ২০০ গৰাকী জোৱানৰ লগতে বিভিন্ন বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ কেডাৰসকলে অংশগ্রহণ কৰিব। ইয়াৰ বাবে মহাবিদ্যালয়খনৰ খেলপথাৰত আখৰা প্ৰায় সম্পূৰ্ণ হৈছে।

স্বাধীনতা দিৱস সুকলমে উদযাপনৰ বাবে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে তালাচী অভিযান চলাই আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত অসম আৰক্ষীয়ে স্বাধীনতা দিৱসৰ সময়ছোৱাত কূটাঘাতমূলক ঘটনা ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। সীমান্ত গাঁও পৰিদৰ্শন, ২৪ ঘণ্টাই পহৰাৰ লগতে স্পৰ্শকাতৰ স্থানসমূহত চোকা দৃষ্টি ৰখা হৈছে।