বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰে

ৰাজ্য চৰকাৰৰ শিক্ষা, জনজাতি পৰিক্রমা, তথ্য প্রযুক্তি বিভাগ আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰে।

ভ্ৰমণ কালত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়।

জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত এই বৈঠক মন্ত্রী ডাঃ পেগুৰ সৈতে সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পল্লৱ লোচন দাস, মুনীন্দ্ৰ দাস, উৎপল বৰাৰ লগে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়া আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।

এই বৈঠকত মন্ত্রী ডাঃ পেগুৱে জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সমাগত বাৰিষাৰ সময়ত বানপানীকে ধৰি বিভিন্ন প্রাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ জিলা প্রশাসন কিদৰে সাজু হৈছে তাৰ খতিয়ান লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।