October 14, 2026 1:00 PM | Biswanath

printer

বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ উদ্যোগত স্বচ্ছতা অভিযান

বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ উদ্যোগত, বিশ্বনাথ চাৰিআলি চেম্বাৰ্ছ অব্ কমাৰ্চ এণ্ড ইণ্ডষ্ট্রী, কেন্দ্রীয় দুৰ্গা পূজা পৰিচালনা সমিতি আৰু স্বেচ্ছাসেৱী সংগঠন জাগৃতিৰ সহযোগত আজি পুৱা বিশ্বনাথ চাৰিআলি অঞ্চলত স্বচ্ছতা অভিযান চলোৱা হয়। এই কাৰ্যসূচীত বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাস, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, মুখ্য কাৰ্যবাহী বিষয়া প্রৱেশ মিলি প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। বিধায়ক শ্রী দাসে বিশ্বনাথ নগৰৰ সবাতোকৈ পৰিষ্কাৰকৈ ৰখা বিপণীৰ স্বত্ত্বাধিকাৰীক পুৰস্কৃত কৰিব বুলিও ঘোষণা কৰে।

উল্লেখযোগ্য যে বিশ্বনাথত বিজয়া দশমীৰ পিছদিনাও স্বচ্ছ ভাৰত, স্বচ্ছ বিশ্বনাথ কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান চলোৱা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।