বিশ্বনাথৰ গহপুৰত বিধায়ক উৎপল বৰাই চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ দ্বাৰা এটা অতিথি গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে

বিশ্বনাথ জিলাৰ গহপুৰত বিধায়ক উৎপল বৰাই আজি চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ দ্বাৰা এটা অতিথি গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

বিৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰত স্থাপন কৰা এই অতিথি গৃহৰ লগতে প্রয়াত কোষেশ্বৰ বৰুৱা গ্ৰন্থাগাৰ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰা হয়।

এই অনুষ্ঠানত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱাৰ লগতে পৰিষদৰ অন্যান্য বিষয়ববীয়া আৰু ভালেসংখ্যক লোকে অংশগ্রহণ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।