নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ’বলগীয়া গ্রুপ ডিৰ লীগ পর্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংডাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ’ব। ইপিনে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত আজি সন্ধিয়া ৭ বজাত হ’বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত ছমলেশ্বৰী স্পোর্টিং দল বাগপট এফ চিৰ সন্মুখীন হ’ব।
Assamese | July 30, 2026 4:06 PM | Akashvani | Akashvani Guwahati | Durand Cup 2026 | Football | SPORTS
নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব