August 19, 2026 6:59 PM

views 40

সন্ধিয়া ৭ বজাত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব।

August 12, 2026 10:02 AM

views 42

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত এফ চি ৱানক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।  গ্ৰুপ পৰ্যায়ত নর্থ ইষ্ট ইউনাইটেডে তিনিখন খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা এফ চি ৱানে তিনিখন খেলৰ পৰা ৩ পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্রুপ-ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত NEROCA ফুটবল...

August 1, 2026 12:39 PM

views 45

আজিৰে পৰা গুৱাহাটীত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ'বলগীয়া আজিৰ প্ৰথমখন খেলত ক্রমাগত দুবাৰৰ চেম্পিয়ন নর্থ-ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্রতিযোগিতাখনৰ খেল পঞ্চম বাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে।

July 30, 2026 4:06 PM

views 35

নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব

নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ'বলগীয়া গ্রুপ ডিৰ লীগ পর্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংডাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ'ব। ইপিনে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত আজি সন্ধিয়া ৭ বজাত হ'বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত ছমলেশ্বৰী স্পোর্টিং দল বাগপট এফ চিৰ সন্মুখীন হ'ব।

July 29, 2026 2:27 PM

views 37

১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা শুভাৰম্ভ

মণিপুৰ চৰকাৰৰ সহযোগত ভাৰতীয় সশস্ত্র বাহিনীয়ে আয়োজন কৰা ১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা কালি ৰাজ্যখনৰ খুমান লম্পক মূল ষ্টেডিয়ামত শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ চহকী ক্রীড়া ঐতিহ্য, ভাৰতীয় সশস্ত্র বাহিনীৰ যুদ্ধ পৰম্পৰাৰ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে ২৫ জুলাইৰ পৰা ২৩ আগষ্টলৈকে কলকাতা, ৰাঁচী, গুৱাহাটী, শ্বিলং আৰু ইম্ফলত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীৰ এটা দলকে ধৰি ২৪ টা দলে ৪৩ খন খেলত অংশ ল'ব। কালিৰ উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল ...

July 16, 2026 7:58 PM

views 22

গুৱাহাটীত ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্রফী মুকলি

ক্রীড়া মন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত সেনাৰ দ্বাৰা আয়োজিত ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ তিনিওটা ট্রফী মুকলি কৰে আৰু পতাকা জোকাৰি টুফী যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে ফুটবল ৰাজ্যৰ সমাজ জীৱনত গভীৰভাৱে শিপাই আছে আৰু ডুৰাণ্ড কাপৰ দৰে প্রতিযোগিতা আয়োজন কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়। প্রতিযোগিতাখনে পৰৱৰ্তী প্ৰজন্মক ফুটবলৰ প্ৰতি অনুপ্রাণিত কৰিব বুলি শ্রীদৈমাৰীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে আমি অকল প্রতিভা চিনাক্তকৰণতে নিজক সীমাবদ্ধ কৰি ...

July 7, 2026 6:07 PM

views 31

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে চলিত বৰ্ষত ডুৰাণ্ড কাপ, প্ৰেছিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফী প্রতিযোগিতাত খিতাপ জয়ৰ বাবে নতুন নতুন দলে প্রতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে, নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্রতিযোগিতাক পূৰ্বতকৈ অধিক...