August 12, 2026 10:02 AM | Durand Cup 2026

printer

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত এফ চি ৱানক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

 গ্ৰুপ পৰ্যায়ত নর্থ ইষ্ট ইউনাইটেডে তিনিখন খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা এফ চি ৱানে তিনিখন খেলৰ পৰা ৩ পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হয়।

প্ৰতিযোগিতাত আজি হ’বলগীয়া গ্রুপ-ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত NEROCA ফুটবল ক্লাব এফ চি ৰেংডাইৰ মুখামুখি হ’ব। খেলখন বিয়লি ৪ বজাত ইম্ফলৰ খুমান লাম্পাক মেইন ষ্টেডিয়ামত খেলোৱা হ’ব। ইপিনে সন্ধিয়া ৭ বজাত কলকাতাৰ কিশোৰ ভাৰতী ক্রীড়াংগণত হ’বলগীয়া গ্রুপ-বিৰ এখন খেলত মহমেদান স্পর্টিং ক্লাব ইণ্ডিয়ান আর্মী ফুটবল টীমৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।