August 1, 2026 12:39 PM | Durand Cup 2026

printer

আজিৰে পৰা গুৱাহাটীত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ’বলগীয়া আজিৰ প্ৰথমখন খেলত ক্রমাগত দুবাৰৰ চেম্পিয়ন নর্থ-ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্রতিযোগিতাখনৰ খেল পঞ্চম বাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে।