ক্রীড়া মন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত সেনাৰ দ্বাৰা আয়োজিত ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ তিনিওটা ট্রফী মুকলি কৰে আৰু পতাকা জোকাৰি টুফী যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে ফুটবল ৰাজ্যৰ সমাজ জীৱনত গভীৰভাৱে শিপাই আছে আৰু ডুৰাণ্ড কাপৰ দৰে প্রতিযোগিতা আয়োজন কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়। প্রতিযোগিতাখনে পৰৱৰ্তী প্ৰজন্মক ফুটবলৰ প্ৰতি অনুপ্রাণিত কৰিব বুলি শ্রীদৈমাৰীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে আমি অকল প্রতিভা চিনাক্তকৰণতে নিজক সীমাবদ্ধ কৰি নাৰাখি গুণগত, উন্নত আন্তঃগাঁথনি আৰু সংহত দায়বদ্ধতাৰে প্ৰতিভা সৃষ্টি কৰিব লাগিব। বিশ্বমানৰ স্টেডিয়ামৰ উপৰি স্থানীয় অঞ্চলতো খেলপথাৰ আৰু উন্নত প্রতিযোগিতাৰ প্ৰয়োজন আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিশ্বৰ তৃতীয় তথা এছিয়াৰ সবাতোকৈ পুৰণি এই ফুটবল প্রতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ পহিলা আগষ্টৰ পৰা গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথলেটিকছ স্টেডিয়ামত অনুষ্ঠিত হ’ব। অৱশ্যে ইয়াৰ পূৰ্বে ২৫ জুলাইত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত প্রতিযোগিতাৰ উদ্বোধনী খেল অনুষ্ঠিত হ’ব।
Assamese | July 16, 2026 7:58 PM | Durand Cup 2026
গুৱাহাটীত ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্রফী মুকলি