১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা শুভাৰম্ভ

মণিপুৰ চৰকাৰৰ সহযোগত ভাৰতীয় সশস্ত্র বাহিনীয়ে আয়োজন কৰা ১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা কালি ৰাজ্যখনৰ খুমান লম্পক মূল ষ্টেডিয়ামত শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ চহকী ক্রীড়া ঐতিহ্য, ভাৰতীয় সশস্ত্র বাহিনীৰ যুদ্ধ পৰম্পৰাৰ প্ৰদৰ্শন কৰা হয়।

উল্লেখযোগ্য যে ২৫ জুলাইৰ পৰা ২৩ আগষ্টলৈকে কলকাতা, ৰাঁচী, গুৱাহাটী, শ্বিলং আৰু ইম্ফলত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীৰ এটা দলকে ধৰি ২৪ টা দলে ৪৩ খন খেলত অংশ ল’ব।

কালিৰ উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্যমন্ত্রী য়ুমনাম খেমচান্দ সিং, সেনাধ্যক্ষ জেনেৰেল ধীৰাজ ছেঠ, মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী- ড° লোছি দিখো, মণিপুৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী- গোবিন্দাস কণ্টৌজাম, উচ্চপদস্থ সামৰিক বিষয়াৰ লগতে জ্যেষ্ঠ অসামৰিক বিষয়া, প্রতিনিধি অংশগ্ৰহণকাৰীসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।