October 23, 2026 8:24 PM

views 3

কোকৰাঝাৰৰ কঠালগুৰিৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ক্ৰীড়া প্রশিক্ষণ কেন্দ্ৰত ২৫ ৰ পৰা ২৯ অক্টোবৰলৈ অস্মিতা ছাব জুনিয়ৰ আৰু জুনিয়ৰ মহিলা হকী লীগৰ আয়োজন

কোকৰাঝাৰৰ কঠালগুৰিৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ক্ৰীড়া প্রশিক্ষণ কেন্দ্ৰত অহা ২৫ ৰ পৰা ২৯ অক্টোবৰলৈ অস্মিতা ছাব জুনিয়ৰ আৰু জুনিয়ৰ মহিলা হকী লীগৰ আয়োজন কৰা হৈছে। হকী ইণ্ডিয়াৰ তত্বাৱধানত অসম হকী সন্থা আৰু কোকৰাঝাৰ হকী সন্থাই যুটীয়াভাৱে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। হকীত মহিলাৰ অংশগ্রহণ বৃদ্ধি তথা উদীয়মান ক্রীড়া প্রতিভাক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে বুলি বি টি চিৰ কাৰ্যবাহী সদস্য তথা আয়োজক সমিতিৰ অধ্যক্ষ ডেৰহাচাত বসুমতাৰীয়ে আজি এখন সংবাদমেলত প্রকাশ কৰে। তেওঁ কয়, যে ...

October 23, 2026 6:57 PM

views 6

অসমৰ প্ৰতিভাশালী ক্ৰিকেটাৰ জিণ্টিমণি কলিতাৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মহিলা ক্রিকেটত অভিষেক

অসমৰ প্ৰতিভাশালী ক্ৰিকেটাৰ জিণ্টিমণি কলিতাৰ আজি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মহিলা ক্রিকেটত অভিষেক ঘটিছে। ভাৰত আৰু জিম্বাব'ৱেৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি বডোডৰাত অনুষ্ঠিত খেলখনৰ মূল একাদশত স্থান লাভ কৰাৰ লগে লগে জিণ্টিমণিয়ে অসমৰ তৃতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটায়। ইয়াৰ আগেয়ে অসমৰ উমা চেত্ৰী আৰু ৰিয়ান পৰাগে ভাৰতৰ চিনিয়ৰ দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাইছিল। উল্লেখযোগ্য যে আজি বডোডৰাত অনুষ্ঠিত খেলখনত এই বাতৰি যুগুতোৱাৰ পৰলৈকে জিম্বাবৱেই প্ৰথমে বেট ধৰি ৪৬ অ'ভাৰত ৯ টা...

October 22, 2026 5:21 PM

views 7

গোলাঘাটৰ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত আন্তঃজিলা নেট বল প্রতিযোগিতাত ১২টা দলৰ অংশগ্ৰহণ

গোলাঘাট জিলাৰ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা অনুষ্ঠিত আন্তঃজিলা নেট বল প্রতিযোগিতাত ১২টা দলে অংশ লৈছে। অসম নেট বল সন্থাৰ উদ্যোগত আৰু গোলাঘাট জিলা নেট বল সন্থাৰ সহযোগত আয়োজন কৰা এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলা খেলুৱৈসকলৰ মাজত জুনিয়ৰ, চাব-জুনিয়ৰ আৰু চিনিয়ৰ শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰথমবাৰৰ বাবে গোলাঘাট জিলাত অনুষ্ঠিত এই প্রতিযোগিতাক লৈ অসম নেট বল সন্থাৰ সম্পাদক বিজু ৰামে সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই প্রতিযোগিতাৰ প্ৰতিটো শাখাৰ চূড়ান্ত বিজয়ী দলসমূহক অসমৰ হৈ ৰাষ্ট্ৰীয...

July 29, 2026 2:27 PM

views 43

১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা শুভাৰম্ভ

মণিপুৰ চৰকাৰৰ সহযোগত ভাৰতীয় সশস্ত্র বাহিনীয়ে আয়োজন কৰা ১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা কালি ৰাজ্যখনৰ খুমান লম্পক মূল ষ্টেডিয়ামত শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ চহকী ক্রীড়া ঐতিহ্য, ভাৰতীয় সশস্ত্র বাহিনীৰ যুদ্ধ পৰম্পৰাৰ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে ২৫ জুলাইৰ পৰা ২৩ আগষ্টলৈকে কলকাতা, ৰাঁচী, গুৱাহাটী, শ্বিলং আৰু ইম্ফলত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীৰ এটা দলকে ধৰি ২৪ টা দলে ৪৩ খন খেলত অংশ ল'ব। কালিৰ উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল ...

July 29, 2026 1:09 PM

views 23

নলবাৰীত অনুষ্ঠিত ৪৭ সংখ্যক ৰাজ্যিক জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ডিব্ৰুগড় জিলা এথলেটিকছৰ দলটোৰ শ্ৰেষ্ঠত্ব অর্জন

নলবাৰীত অনুষ্ঠিত ৪৭ সংখ্যক ৰাজ্যিক জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ডিব্ৰুগড় জিলা এথলেটিকছৰ দলটোৱে শ্ৰেষ্ঠত্ব অর্জন কৰিছে। দুয়োটা শাখাতেই তৃতীয়বাৰৰ বাবে শ্রেষ্ঠত্ব অৰ্জন কৰা এথলেটিকছ দলটোৰ খেলুৱৈ আৰু কৰ্মকৰ্তাসকলক কালি ডিব্ৰুগড় জিলা ক্রীড়া সন্থাই অভিনন্দন আৰু সম্বর্ধনা জ্ঞাপন কৰে।

June 23, 2026 12:10 PM

views 38

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ হৈছে। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ড০ আনন্দ হাজৰিকাই শুভাৰম্ভ কৰা উদ্বোধনী খেলখন কাৰছাং ফুটবল একাদশ আৰু ডি জে ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। মুঠ ১৬টা দলৰ মাজত হ’বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ উপভোগ কৰিবলৈ ভালেসংখ্যক দৰ্শকৰ আগমন হোৱা পৰিলক্ষিত হৈছে। কাংকন চাপৰি খেলপথাৰত চলি থকা এই প্ৰতিযোগিতা অহা ১২ জুলাইত অন্ত পৰিব।

June 15, 2026 1:43 PM

views 40

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে। এই প্ৰতিযোগিতাত বিশ্বনাথ ছিক্সষ্টাৰ ক্লাব, গহপুৰ আৰ কে ভি চি, উদ্দীপ্ত চ’ৰা, অৰুণাচল প্ৰদেশৰ টাৰাচু, ৰামঘাট ভলীবল দলকে ধৰি কেইবাটাও আগশাৰীৰ দলে অংশগ্রহণ কৰে৷

June 10, 2026 12:52 PM

views 42

নগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্রিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে

নগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্রিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্রহণ কৰে। প্ৰতিযোগিতাত ১৬ খন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

December 26, 2025 9:10 PM

views 76

শিৱসাগৰ দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে

শিৱসাগৰ জিলাৰ ক্ৰীড়া আৰু সামাজিক অনুষ্ঠান গ্রীফনৰ উদ্যোগত আৰু জিলা ক্রীড়া সন্থাৰ সহযোগত দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাত পশ্চিম বংগ, ত্ৰিপুৰাকে ধৰি মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে। জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই প্রতিযোগিতাৰ শুভ উদ্বোধন কৰে।

November 10, 2025 7:32 PM

views 91

আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য

আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য হৈছে। আজি তৃতীয় দিনৰ খেলৰ সামৰণিত অসমে দ্বিতীয় ইনিংছত তিনি উইকেটৰ বিনিময়ত ৭৮ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ আগতে ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৬০২ ৰানৰ প্ৰত্যুত্তৰত অসমে প্রথম ইনিংছত ২৩৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। অসমৰ হৈ শিৱশংকৰ ৰয়ে সৰ্বোচ্চ ৮৪ ৰানৰ বৰঙণি আগবঢ়ায়। খেলখনৰ এটা দিন বাকী থকা অৱস্থাত অসম এতিয়াও ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৰান সংখ্যাতকৈ ২৮৬ ৰানত পিছ পৰি আছে।