July 29, 2026 2:27 PM

views 30

১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা শুভাৰম্ভ

মণিপুৰ চৰকাৰৰ সহযোগত ভাৰতীয় সশস্ত্র বাহিনীয়ে আয়োজন কৰা ১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা কালি ৰাজ্যখনৰ খুমান লম্পক মূল ষ্টেডিয়ামত শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ চহকী ক্রীড়া ঐতিহ্য, ভাৰতীয় সশস্ত্র বাহিনীৰ যুদ্ধ পৰম্পৰাৰ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে ২৫ জুলাইৰ পৰা ২৩ আগষ্টলৈকে কলকাতা, ৰাঁচী, গুৱাহাটী, শ্বিলং আৰু ইম্ফলত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীৰ এটা দলকে ধৰি ২৪ টা দলে ৪৩ খন খেলত অংশ ল'ব। কালিৰ উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল ...

July 29, 2026 1:09 PM

views 11

নলবাৰীত অনুষ্ঠিত ৪৭ সংখ্যক ৰাজ্যিক জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ডিব্ৰুগড় জিলা এথলেটিকছৰ দলটোৰ শ্ৰেষ্ঠত্ব অর্জন

নলবাৰীত অনুষ্ঠিত ৪৭ সংখ্যক ৰাজ্যিক জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ডিব্ৰুগড় জিলা এথলেটিকছৰ দলটোৱে শ্ৰেষ্ঠত্ব অর্জন কৰিছে। দুয়োটা শাখাতেই তৃতীয়বাৰৰ বাবে শ্রেষ্ঠত্ব অৰ্জন কৰা এথলেটিকছ দলটোৰ খেলুৱৈ আৰু কৰ্মকৰ্তাসকলক কালি ডিব্ৰুগড় জিলা ক্রীড়া সন্থাই অভিনন্দন আৰু সম্বর্ধনা জ্ঞাপন কৰে।

June 23, 2026 12:10 PM

views 26

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ হৈছে। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ড০ আনন্দ হাজৰিকাই শুভাৰম্ভ কৰা উদ্বোধনী খেলখন কাৰছাং ফুটবল একাদশ আৰু ডি জে ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। মুঠ ১৬টা দলৰ মাজত হ’বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ উপভোগ কৰিবলৈ ভালেসংখ্যক দৰ্শকৰ আগমন হোৱা পৰিলক্ষিত হৈছে। কাংকন চাপৰি খেলপথাৰত চলি থকা এই প্ৰতিযোগিতা অহা ১২ জুলাইত অন্ত পৰিব।

June 15, 2026 1:43 PM

views 32

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে। এই প্ৰতিযোগিতাত বিশ্বনাথ ছিক্সষ্টাৰ ক্লাব, গহপুৰ আৰ কে ভি চি, উদ্দীপ্ত চ’ৰা, অৰুণাচল প্ৰদেশৰ টাৰাচু, ৰামঘাট ভলীবল দলকে ধৰি কেইবাটাও আগশাৰীৰ দলে অংশগ্রহণ কৰে৷

June 10, 2026 12:52 PM

views 32

নগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্রিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে

নগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্রিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্রহণ কৰে। প্ৰতিযোগিতাত ১৬ খন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

December 26, 2025 9:10 PM

views 65

শিৱসাগৰ দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে

শিৱসাগৰ জিলাৰ ক্ৰীড়া আৰু সামাজিক অনুষ্ঠান গ্রীফনৰ উদ্যোগত আৰু জিলা ক্রীড়া সন্থাৰ সহযোগত দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাত পশ্চিম বংগ, ত্ৰিপুৰাকে ধৰি মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে। জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই প্রতিযোগিতাৰ শুভ উদ্বোধন কৰে।

November 10, 2025 7:32 PM

views 78

আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য

আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য হৈছে। আজি তৃতীয় দিনৰ খেলৰ সামৰণিত অসমে দ্বিতীয় ইনিংছত তিনি উইকেটৰ বিনিময়ত ৭৮ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ আগতে ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৬০২ ৰানৰ প্ৰত্যুত্তৰত অসমে প্রথম ইনিংছত ২৩৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। অসমৰ হৈ শিৱশংকৰ ৰয়ে সৰ্বোচ্চ ৮৪ ৰানৰ বৰঙণি আগবঢ়ায়। খেলখনৰ এটা দিন বাকী থকা অৱস্থাত অসম এতিয়াও ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৰান সংখ্যাতকৈ ২৮৬ ৰানত পিছ পৰি আছে।

October 8, 2025 8:59 PM

views 79

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ বাঘাপাৰাত আঞ্চলিক ফুটবল প্রাইজমানি প্ৰতিযোগিতা আৰম্ভ

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ বাঘাপাৰাত আজি আঞ্চলিক ফুটবল প্রাইজমানি প্ৰতিযোগিতা আৰম্ভ হৈছে। অসম আৰু মেঘালয়ৰ মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক আমিনুল ইছলাম, জিলা পৰিষদৰ সভানেত্রী তানজিনা খান আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মেঘালয়ৰ নতুন ভাইটবাৰী ক্লাৱ আৰু মানকাচৰৰ টেপৰপাৰা ফুটবল ক্লাৱৰ মাজত হোৱা উদ্বোধনী খেলখনত মানকাচৰ দল ২-০ গলত বিজয়ী হয়।

August 31, 2025 9:58 PM

views 52

অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰংপুৰ জিলা ক্রীড়া সন্থাৰ দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন

উত্তৰ-পূবৰ প্ৰথমগৰাকী অর্জুন বঁটা বিজয়ী এথলিট ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৩ ছেপ্তেম্বৰত উদযাপন কৰিবলগীয়া অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰংপুৰ জিলা ক্রীড়া সন্থাই শিৱসাগৰৰ জয়সাগৰত দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২০০৪ চনৰ এথেন্স অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা ভাৰোত্তোলক প্ৰতিমা কুমাৰী দেৱীয়ে এই প্রতিযোগিতাৰ উদ্বোধন কৰে। প্ৰায় ডেৰ শতাধিক প্রতিযোগীয়ে এই প্রতিযোগিতাত অংশ লয়। এই অনুষ্ঠানতে ১৩ গৰাকী সমাজকৰ্মী আৰু সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।

August 29, 2025 1:52 PM

views 65

কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত

■ আহমেদাবাদৰ বীৰ ছাভাৰকাৰ ক্ৰীড়া প্ৰকল্পত চলি থকা কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত আছে। অসমৰ হৈ কালি বেদৱত ভঁৰালীয়ে প্ৰতিযোগিতাত তিনিটাকৈ নতুন অভিলেখ স্থাপন কৰি ল'ৰাৰ জুনিয়ৰৰ ৭৯ কিলোগ্রাম ওজন শাখাত স্বৰ্ণপদক হস্তগত কৰে। বেদব্ৰতে চে শিতানত ১৪৫ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জার্ক শিতানত ১৮১ কিলোগ্ৰাম উত্তোলন কৰে। খেলুৱৈগৰাকীয়ে সামগ্ৰিকভাৱে ৩২৬ কিলোগ্রাম উত্তোলন কৰি তিনিওটা শিতানত অভিলেখ ৰচিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত ভাৰতীয় দলক প্রতিনিধিত্ব ...